অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কালজয়ী মণিৰাম




কালজয়ী, মৃত্যুঞ্জয়ী কালজয়ী মণিৰাম

তোৰ মৃত্যুৱে আজি

ঘৰে ঘৰে কৰে

মুক্তি যুঁজৰ আহ্বান ।

ই জ্যোতিৰ কৰিব আল্পনা

'ব এন্ধাৰও অৱসান ।

অসমীৰ অতীতৰ ফিৰিঙতি তই

আজিৰ অগনিৰ প্রাণ

ৰাইজৰ সাহসক উদঙাই দে তই

হওক সৃষ্টি অবিৰাম

কালজয়ী মণিৰাম দেৱান ।।



(ৰচনা কাল- ১৯৬৩ চন; কথাছবি- মণিৰাম দেৱান)
(ইউনিকডীয় ৰূপান্তৰ-খনিন্দ্র মাধৱ শইকীয়া )

No comments: