অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইতৰ পাৰ দুটি





লুইতৰ পাৰ দুটি

জিলিকি উথিব ৰাতি

জ্বলি শত দেৱালীৰ বন্তি

আহিব কাতিৰে মাহটি

দূৰতে দেৱালীৰ বন্তি




ভৰা বৰলুইতত লুইতপৰীয়া

টুলুঙা নাৱতে অকলশৰীয়া

আমাৰে ভদীয়া

এন্ধাৰৰ কথা ভাবি         

হিয়া কৰে ছাটি-ফুটি

এনুৱা পৰতে যোৱা বছৰতে

কাল বানপানী এটি আহি

মহাশবদে মষিমুৰ কৰিলে

সৰুকৈ খেৰৰে পঁজাটি


ধাননিও তল গ

চেনেহীও উটি গ

ডুগডুগী বন্ধকত আছে

ৰাইজে লগ লাগি

ভৰা লুইত বান্ধিব

সাহসী বুকুখন নাচে

লীয়া পিশাচক

ভদীয়াই বধিব          

আছে দুই বাহুত শকতি

আহিব কাতিৰে মাহটি

দূৰতে দেৱালীৰ বন্তি




(ইউনিক'ডীয় ৰূপান্তৰ   দীপা  ডেকা)

No comments: