অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰঙীন ৰঙীন এই জীৱন





ৰঙীন ৰঙীন এই জীৱন

মিঠা মিঠা প্ৰতিটো ক্ষণ

বাৰে বাৰে বিছাৰিছে  আলিঙ্গন ||         

জীৱন দুদিনীয়া হেৰাই যাব খোজে         

কামনাৰে প্ৰাণ সংকেত বাজে

মাদকতা ভৰাএই  ধুনীয়া লগন

এৰি দিয়াঁ  দেহ মন প্ৰাণ

বাৰে বাৰে |

কি হব আদৰ্শৰে

কিনো হব ত্যাগেৰে

কি হব আজিৰ কথা ভাবি

আজিৰ কথা আজিয়েই ভাবা

হলে ক্ষণ হেৰুৱাবা

এই ক্ষণ নাহে উভতি ||



ৰূপৰ  জোৱাৰেৰে উটাই  দিয়া না

প্ৰেমৰ ধুমুহাৰে উৰাই দিয়া না

লালসাভৰা  এই মোহময়ী ৰূপ

সজোঁৱা  ৰূপৰে পোহৰ

বাৰে বাৰে |




(ইউনিক'ডীয় ৰূপান্তৰ  বনজীত্‍ পাঠক )          

No comments: