শঙ্কৰ-মাধৱৰ মহা মহা সৃষ্টিৰে
উজ্জ্ব লউতৰে পাৰ;
কতজনে শলাগিলে অসমীয়া লিখনি
পদ্ম গোহাঞি বৰুৱাৰ।।
বড়ো-ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰ
জীয়া জীয়া আমাৰ ভাষাৰ।
লিখাবোৰ
কিয় বাৰু পঢ়ি পঢ়ি চোৱা নাই
আনন্দ,
চন্দ্ৰ, ৰজনীকান্ত আৰু
একে ফুলনিতে জানো ফুল ফুলা নাছিলে
মফিজ হাজিৰকাৰ?
আজান ফকীৰ আৰু লক্ষ্মীনাথৰ
একে ধ্যান একেটি আশাৰ।
মোজাম্মিল
অনিলো হ'ল একে শৰতৰে
দুটি
ফুল একেটি ভাষাৰ।।
কৰ্মকাৰ চাহ বাগিচাৰ;
অসমীক আঁকোৱালি পাতিছে মনৰ কথা,
ভাষা নৱ
অসমীয়াৰ।।
বহুতো বঙালী ভাই, লুইতৰ পাৰ পাই
হ'ল বান্ধ অসমীয়াৰ।
বুকুখনি উদঙাই ঢালি দিলে অসমে
মৌ-জোল স্নেহ নিজৰাৰ।।
ন-বোৱাৰীৰো
দেখোঁ প্ৰাণৰ তৃষ্ণা হয়
পতি
গৃহ আপোন কৰাৰ,
দেখোঁ কিয় চাৱনি ঘৃণাৰ!
দূৰণিৰপৰা আহী যুগ যুগ ধৰিও
অসমীক মাতৃ নোবোলাৰ;
কথা শুনি কিনো ক'ব সুন্দৰ আতমাই
জ্যোতি আগৰৱালাৰ?
কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আৰু আচাৰ্য ৰায়
অন্নদাশঙ্কৰ আৰু সুনীতি কুমাৰ,
এওঁলোকে জানে দেখোঁ ঐতিহ্য মহান
আমাৰ মাতৃ ভাষাৰ।।
(ইউনিক'ডীয় ৰূপান্তৰ → উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment