অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তুমিয়ে মোৰ কল্পনাৰে হৰিণী নয়না




তুমিয়ে মোৰ কল্পনাৰে

হৰিণী নয়না ..!

তুমিয়ে মোৰ জীৱনৰে

মধুৰ আল্পনা ..!

তোমাৰ বাবেই মোৰেই সুৰৰ

কতনা মূৰ্চ্চনা !

তুমি জানা নে নাজানা ?

তুমি জানা নে নাজানা. ?




জীৱন ৰণাঙ্গনত

তুমি সাহসৰে তীৰ্থভূমি

পৰাজয়ৰ নিৰাশাতো

তুমিয়ে সান্ত্বনা !

তুমি জানা নে নাজানা ?

তুমি জানা নে নাজানা.. ?




জীৱন বনৰ গভীৰতাত

উৎস তুমি সেউজৰে !

সেই সেউজৰ সুন্দৰতাও

তোমাৰে হাঁহিৰে !

ভাৰতৰে পূব্ আকাশৰ

জেউতি তুমি ন-সূৰুজৰ

তোমাৰ পোহৰ অবিহনে

বৃথা পৰিকল্পনা  !

তুমি জানা নে নাজানা ?

তুমি জানা নে নাজানা ..?

তুমিয়ে মোৰ কল্পনাৰে

হৰিণী নয়না !




(কলকাতা ১৯৫৮)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
 (ইউনিক'ডীয় ৰূপান্তৰ - গীতাৰ্থ বৰদলৈ)

No comments: