অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বুকু ভৰা মৰম দিছা




বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা

বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা

আই অ মোৰ আই

যাৰ তুলনা পাবলে নাই

বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা

বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা



ৰাতিপূৱাৰ কোমল ৰদৰ মৰমী হাতে বুলাই

নিয়ৰ সানি চকুৰ পতাত তুমিয়েই দিয়া জগাই

ৰাতি হলে আলেফুলে তুমিয়েই থোৱা শুৱাই

মোৰ আই যাৰ তুলনা পাবলে নাই

বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা





দেশৰ বাবে যুঁজিবলৈ যেতিয়া আহে সময়

ৰণৰ সাজেৰে তুমিয়েইতো দিয়া মোক জগাই

দেশৰ বাবে যুঁজিবলৈ যেতিয়া আহে সময়

ৰণৰ সাজেৰে তুমিয়েইতো দিয়া মোক জগাই

মৰণকো ভয় নকৰো তোমাৰেই বাবে আই

মোৰ আই যাৰ তুলনা পাবলে নাই





বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা

বুকু ভৰা মৰম দিছা আঁচল ভৰা ছা

আই অ মোৰ আই

যাৰ তুলনা পাবলে নাই

যাৰ তুলনা পাবলে নাই

যাৰ তুলনা পাবলে নাই




(ইউনিক'ডীয় ৰূপান্তৰ  বিষ্ণু  শ‍ইকীয়া)

No comments: