অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

প্রথম নহয় দ্বিতীয় নহয় তৃতীয় শ্রেণীৰ যাত্রী আমি





প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি

জীৱন ৰেলৰ ডবাত আমি

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি



মাজে মাজে মাজে এই ৰেলে চিঞৰে

নোপোৱাৰ বেদনা জুই হৈ উৰে

আমাৰ এই জুইৰে অগ্রগামী

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি 

জীৱন ৰেলৰ ডবাত আমি

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি



লগত আছে বোজাৰ বৰ বৰ পেৰাৰ

সেই পেৰা অতীতৰ চকুলোৰে ভৰা

আমাৰ এই 

চকুলো

বাষ্প সজালোঁ 

সেই বাষ্পৰেই আমি দ্রুতগামী

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি 

জীৱন ৰেলৰ ডবাত আমি

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি



তৃতীয় শ্রেণীৰ শত সহযাত্রী

মিলি দেখিম পুৱাব কালৰাত্রি

একেলগে হে পাম বহি লক্ষ্য আমি

প্রথম নহয় দ্বিতীয় নহয়     

তৃতীয় শ্রেণীৰ যাত্রী আমি 

জীৱন ৰেলৰ ডবাত আমি

প্রথম নহয় দ্বিতীয় নহয়

তৃতীয় শ্রেণীৰ যাত্রী আমি



(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বর্মন)

No comments: