অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মন ক্ষণে ক্ষণে বিনায়





মন ক্ষণে ক্ষণে বিনায়

মাতৃৰ ঘুমতি হেৰায়

হৃদয় শুনাই আঁকি দিয়া ফোঁট

কপাল শুৱাই



আই  তোৰ কপালত আঁকি দিম

জেউতিৰ তিলক পিন্ধাই দিম

টিৰাপৰ শিখৰত মণিকূট গঢ়ি দিম

হিয়াকে সজাই



আই মোৰ সহিছ ক্লেশ

কি দৰে বুজামে তোক

চাই তোৰ মলিন বেশ

মনতে লাগিছে শোক

পুত্ৰ হৈ মই নীৰৱে থাকিলোঁ

অভিশাপ নিদিবি মোক                 

আই অ অভিশাপ নিদিবি মোক

আই তোৰ থাপনাত শুৱাই দিম

আই তোৰ চৰণ ধুৱাই দিম

অৰুণাচলতে বৰঘৰ সাজি দিম

কৃষ্টি জীয়াই




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

1 comment:

আকাংক্ষা (Akansya) said...

ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত 'ৰশ্মিৰেখা' বোলছবিৰ গীত , সংগীত পৰিচালক- উপেন কাকতি ৷