অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লাজে মৰোঁ মৰোঁ ঐ জান (বিহু গীত)





লাজে মৰোঁ মৰোঁ ঐ জান

তোমাৰে মুখ খনি চাবকে নোৱাৰি

তেজে ফুঁটো ফুঁটো গাল,  .......(ভূপেন হাজৰিকা)

তেজে ফুঁটো ফুঁটো গাল | ......(পুৰুষ সমজুৱা)



লাজে মৰোঁ মৰোঁ ঐ জান

তোমাৰে মুখ খনি চাবকে নোৱাৰি

তেজে ফুঁটো ফুঁটো গাল ঐ জান,          

তেজে ফুঁটো ফুঁটো গাল | ......(পু:স:)



বুকু দুৰু দুৰু ঐ জান লাগে কিয়?

মন উৰু উৰু ঐ জান কৰে কিয়? ... (ভু:হা:)



বুকু দুৰু দুৰু ঐ জান লাগে কিয়?

মন উৰু উৰু ঐ জান কৰে কিয়? ... (পু:স:)

কাষতে জানা তোমাক দেখা পাই অ ... (ভু:হা:)

কাষতে জানা তোমাক দেখা পাই |  ...(পু:স:)
                      


বেলি পৰোঁ পৰোঁ ঐ জান

আবেলিৰ ৰদালি

পৰে আহি আজি,

কঁপে মন ডিঙাৰে পাৰ,

কঁপে মন ডিঙাৰে পাৰ | ...(২ বাৰ)

                   নাৰী কন্ঠ ১

                   নাৰী সমজুৱা ১



মনত ঘনে ঘনে ঐ জান পৰে কিয় ?

বাওঁ চকু আজি ঐ জান লৰে কিয় !?...(নাৰী ১), (না:স: ১)



খোপাৰ গাঁঠি ঘনাই খুলি যায় ঐ, ... (নাৰী)

খোপাৰ গাঁঠি ঘনাই খুলি যায় |    ... (না:স:)



লাজে মৰোঁ মৰোঁ ঐ জান

তোমাৰে মুখ খনি চাবকে নোৱাৰি

তেজে ফুঁটো ফুঁটো গাল,

তেজে ফুঁটো ফুঁটো গাল | ......(পু:স:)



মনে মনে কিনো ঐ জান,

ভাবি থাকা বাৰু বুজিব নোৱাৰোঁ     

তোমাৰে মুখলৈ চাই,       ... (ভু:হা:)

তোমাৰে মুখলে চাই |     ... (পু:স:)



মনে মনে কিনো ঐ জান,

ভাবি থাকা বাৰু বুজিব নোৱাৰোঁ

তোমাৰে মুখলে চাই,

তোমাৰে মুখলে চাই |     ... (পু:স:)



মৰম ৰাখিছানে ঐ জান বুকুৰ মাজত ?

খুলি কোৱা নাই ঐ জান আজিও লাজত | ...(ভু:হা:)

মৰম ৰাখিছানে ঐ জান বুকুৰ মাজত ?

খুলি কোৱা নাই ঐ জান আজিও লাজত | ...(পু:স:)



দিবা মৰম হিয়া উদিয়াই ঔ |... (ভূ:হা:)

দিবা মৰম হিয়া উদিয়াই |  ...(পু:স:)



সুখে দুখে মাথোঁ ঐ জান,

তোমাৰে ছবিটি              

ৰাখিছোঁ সাৱটি

আশাৰে হিয়া সজাই,

, আশাৰে হিয়া সজাই | (২ বাৰ...না: ১, না:স: ১)



সঁছাই আহিবানে ঐ জান

তৰ শেষত ?       ... (না: ১)

তৰ শেষত ?       ... (না:স: ১)

নাচি হি নচুৱাই ঐ জান

বিহুৰে ছলত |



সঁছাই আহিবানে ঐ জান

তৰ শেষত ?

নাচি হি নচুৱাই ঐ জান

বিহুৰে ছলত |        ... (না:স: ১)



নিবা আহি মোকে পলুৱাই ঐ |... (না:১)

নিবা আহি মোকে পলুৱাই |...(না:স:১)



লাজে মৰোঁ মৰোঁ ঐ জান

তোমাৰে মুখ খনি চাবকে নোৱাৰি

তেজে ফুঁটো ফুঁটো গাল ঐ জান

তেজে ফুঁটো ফুঁটো গাল |           

তেজে ফুঁটো ফুঁটো গাল ঐ জান

তেজে ফুঁটো ফুঁটো গাল |

তেজে ফুঁটো ফুঁটো গাল ঐ জান

তেজে ফুঁটো ফুঁটো গাল || .........(পু:স:)




(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: