অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জনকপুৰৰ জানকীয়ে




জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে

ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।



বুধৰ গলত ৰঙা ৰুমাল

বাহুত তামৰ তাবিজ

'লা চুলিত কত যে ভাঁজ

দেহত ৰঙীন কামিজ

কাজল সনা চকু দুটাই হাঁহে।



জানকীৰে লাহী কঁকাল বতাহতে হালে

হৰিণী যেন চকু দুটি মিচিক-মাচাক হাঁহে

সাত সাগৰৰ ঢৌত যেন ভাহে



কাণত লৰে চৰে কৰে

দুটি ৰূপৰ ঝুমকা

খৌজে পতি কিবা বাজে

থুনুক থুনুক থুনুকা

কিহৰ ভৰত খোপাটি তাইৰ খহে।



কোমৰ ৰঙৰ ওঁঠ দুটি

যেন চাহৰ কুঁহিপাত

ঝুমুৰৰে সুৰ যেন

'হাগী কুলীৰ মাত

শুনি বুধুৰ কলিজাটি দহে।



চাহ গছৰ মাজে মাজে 

দূৰণিলৈ যোৱা বাট

তাৰ মূৰত শনিবাৰে

বহে এখন ধুনীয়া হাট

তাৰে পৰা বুধু আজি আহে

কিবা আনে কিবা নানে

জানকীয়ে নেজানে

চকুত মাথোঁ সপোনটি ভাহে




(ইউনিক'ডীয় ৰূপান্তৰ - উদ্দীপ তালুকদাৰ)               

No comments: