অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হে মাই যশোৱাহে





হে মাই যশোৱাহে

মাই হেৰে যশোৱা

আমাক লাগিয়া অলপ তোৰ মৰমো নাই

এ মাই যশোৱা এ



তোৰে ঘৰে আসি গৰু চাৰি ফুৰোঁ

কৰেকৰা ভাত খাই মাই যশোৱা এ

মাই হেৰে যশোৱা

আমাক লাগিয়া অলপ তোৰ মৰমো নাই

এ মাই যশোৱা এ



কাঠবাঁজী বুলি জগতে হাসয়

দেখিও সুমৰা হৰি               

তোৰে ঘৰে আসি পুত্র উপজিলোঁ

ইটো দুখ দূৰ কৰি মাই যশোৱা এ       

মাই হেৰে যশোৱা

আমাক লাগিয়া অলপ তোৰ মৰমো নাই

এ মাই যশোৱা এ



একতোলা সোণাৰে বাঁহী গঢ়ে নেদা

ৰাজেপটেশ্বৰী হুই

দুয়ো ওঁঠ ফাটি তেজ বৈ যাই

বাঁহৰে বাঁহী বাজন্তে মাই যশোৱা এ

মাই হেৰে যশোৱা                   

আমাক লাগিয়া অলপ তোৰ মৰম নাই

হে মাই যশোৱা এ




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন )    

No comments: