অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বহাগী অ’, অ’ শাওণী





বহাগী অ

শাওণী

ভাদৈ পাটমাদৈ

কি জগৰ লগালো মই
             


জানো

কি জগৰ লগালি তই



ৰগৰ উঠা গগনাটিৰ     

সুৰটি কাঢ়ি লৈ যাৱ

কোননো দেশলৈ অ মোক

নিঠৰুৱা কৈ এৰি থৈ



নামাতিবি কেটেৰাই

নাগাবি গীত জেঙেৰাই

শৰীলনো কলা পৰি

দহি দহি হলো ছাই



কিয় হল এনুৱা বিলাই



আহিনীৰে পিৰালিত

কাতি চেঙা ৰদালি



আঘোণীৰে চোতালত

পুহী পেহী ৰূপালী



মাঘী মাহীৰ মুখত হাঁহি নাই



লৈ যাৱ ফাগুণী তোৰ      

লগত সখী চতালি

কেলেই বাৰু সুৰৰ খাৰু

পিন্ধিও নিপিন্ধিলি

ঝুনুক ঝুনুক জুনুকা বজাই



নাযাবি মোক এৰি থৈ

নেৰিবি মোক অকলৈ

মিঠা মিঠা মনটি মোৰ

তিতা কেঁহা কৰি থৈ
                           


নিজান জাৰণিত বন্দী কৈ



(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: