ধাননি পথাৰত
লখিমী নামিছে
নিয়ৰ টোপাটোপে সৰে, (...২ বাৰ)
শৰতৰ সন্ধিয়া,
পছিমৰ আকাশত
সুৰুযেও ধেমালী কৰে |
ধাননি পথাৰত
লখিমী নামিছে
নিয়ৰ টোপাটোপে সৰে |
পাহুৱাল ডেকাটিৰ
বুকুখন ভৰে
চেনেহীৰ কথা মনত পৰে (...২ বাৰ)
নিজান জোনাকৰ
শৰত এনিশা,
বৰনৈৰ কাষৰে পজাঁত
যাঁচিলে তাই চেনেহৰে চুমা
সংসাৰ পাতিব গাৱঁত |
ধাননি পথাৰত
লখিমী নামিছে
নিয়ৰ টোপাটোপে সৰে |
এনেতে হঠাতে,
মনবোৰ ভাঙে
জাতিকুল দানৱে
মূৰটো ডাঙে | (...২ বাৰ)
সমাজে নিদিলেও
চেনেহীৰ পণ,
এৰিব পিতাকৰ ঘৰ | (...২ বাৰ)
সন্ধ্যা নামিছে,
বন্তি জ্বলিছে
আৰতিৰ সময়ে হ’ল | (...২ বাৰ)
সমাজৰ নিয়মে
সমাজক ভাঙিছে,
সমাজৰ নিয়মে
সমাজক ভাঙিছে,
চেনেহী নোহোৱা হ’ল || (...২ বাৰ)
ধাননি পথাৰত
লখিমী নামিছে
নিয়ৰ টোপাটোপে সৰে |
শৰতৰ সন্ধিয়া,
পছিমৰ আকাশত
সুৰুযেও ধেমালী কৰে |
ধাননি পথাৰত
লখিমী নামিছে
নিয়ৰ টোপাটোপে সৰে ||
*বি:দ্ৰ: এই গীতটোৰ দুটা ৰূপ আছে, সুৰো তেনেকৈ দুটা আছে | মূল আদি ৰূপটো
কুৰি শতিকাৰ ৭০ দশকৰ শেষৰ ফালে আৰু ৮০ দশকৰ আৰম্ভনিত আকাশবানী গুৱাহাটী আৰু
ডিব্ৰুগড়ৰ পৰা সম্প্ৰচাৰ হৈছিল | পাছত অজ্ঞাত কাৰণ বশত: গীতটোৰ সম্প্ৰচাৰ আজিলৈকে
অন্তত: মোৰ কাণত পৰা নাই | সম্ভৱত: হোৱাও নাই | যি কি নহওক মূল আদি ৰূপৰ গীতটো
ওপৰত উল্লেখ কৰাটো নহয় | উল্লেখ কৰাটো খুব সম্ভৱ আধুনিক ৰূপ হ’ব যিটো ধ্ৰূপদী ৰূপত গোৱা
হৈছে | এই আধুনিক ৰূপৰ গীতটো শুনোৱাৰ বাবে মই শ্ৰীযুত হিমজ্যোতি তালুকদাৰ দেৱক
ধন্যবাদ জ্ঞাপন কৰিছোঁ | এই গীতটি শুনাৰ পাছত আৰু কেইবাদিনলৈও পাহৰি যোৱা সুৰৰ আৰু
কথাৰ মূল আদি ৰূপটো মোৰ দেউতা আৰু মই চিন্তা-চৰ্চা কৰি, ভাবি গুনি মনত পেলালোঁ |
কথাৰ পাৰ্থক্য বেছি নাই কিন্তু সুৰৰ পাৰ্থক্য সম্পূৰ্ণ বেলেগ | কথাৰ ক্ষেত্ৰত তাত
গীতটোৰ ওপৰৰ পৰা দ্বিতীয় ফাঁকিটোৰ পাৰ্থক্য মাথোন আছে | হৈছে,
“পাহুৱাল ডেকাটিৰ
বহলকৈ বুকুতে
চেনেহীয়ে ঘুমটি মাৰে,
নিজানকৈ জোনাকৰ
বৰেনৈৰ কাষতে
চেনেহীয়ে চেনেহ যাঁচে |”
আৰু গীতটো “চেনেহী নোহোৱা হ’ল” ইমানতে সমাপ্ত হৈছে | কথাত ইমানেই পাৰ্থক্য, বাকী পাৰ্থক্য কথাৰ
ক্ষেত্ৰত নাই যেন বোধ হয় |
সুৰৰ ক্ষেত্ৰত মূল আদি ৰূপটোৰ সুৰ সম্পূৰ্ণ নিজা আৰু
অনন্য | তাত উচ্চৰ পৰা নিম্নলৈ সুৰৰ গতি শুনিলে তবধ মানিবলগীয়া | কোনোৱে এই বিষয়ে
যদি আৰু মূল্যৱান সংযোজন কৰিব পাৰে সি হ’ব আদৰণীয় |
*মূল কথা: মিত্ৰদেৱ মহন্ত (?)
(ইউনিক'ডীয় ৰূপান্তৰ → প্ৰাঞ্জল বড়া)
No comments:
Post a Comment