ময়েই অসমৰ ময়েই ভাৰতৰ
ময়েই ডেকা ল’ৰা অগ্নী মই
ময়েই কাৰুকৰ , ময়েই খনিকৰ
ময়েই চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ
সুৰ অপৰূপ ক’ত নৱৰূপ
ময়েই ৰূপকোৱৰ
অসমীয়া ভাষা জগত সভালৈ যাব
উজ্জল সূজ্জল কহিনুৰ পিন্ধি
হাঁহি জ্যোতি ৰূপা হ’ব
ময়েই অসমীয়া শৰাইঘাটত চোকা তৰোৱাল ল’ও লাচিতৰ
মোমাই তামূলী গড়, দুৰ্য্যয় অগ্নি গড় .. নাই মোৰ সমসৰ .....
ময়েই খাছীয়া, ময়েই জয়ন্তীয়া, ডফলা, আৱৰ, অঁকা
ময়েই চিংফ’ ভয়ামৰ মিৰি সোৱনশিৰীয়া ডেকা
বিজয়ী আহোম , কছাৰী, কোচৰ, মেছৰ, কুমাৰ, মই ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰৱৰ আভা
মই
লালুং চুতীয়া লুচাই মিকিৰ গাৰো মিছিমি খাম্তি নগা আংগামী বীৰ
সাম্য মৈত্ৰীৰ ময়েই ৰণুৱা ...
ন-অসমীয়া মই মৈনচিংগীয়া থলুৱা নেপালী, নৄত্যকুশলী মণিপুৰীয়াও মই
মই ক’ত পৰ্ব্বতৰ ক’ত ভৈয়ামৰ ..
ক’ত শত নিজৰাৰ ধাৰ....
হিল দ’ল ভাঙি বৈ আহি আহি বৰ লুইতত হৈ য়াওঁ একাকাৰ
... হৈ য়াওঁ একাকাৰ...
(ইউনিক'ডীয় ৰূপান্তৰ → বনজীত্ পাঠক)
No comments:
Post a Comment