অনুসন্ধান আকাংক্ষাত

Tuesday, July 10, 2012

আজি জাগ্ৰত ভাৰত (পোহৰৰ গান)






আজি জাগ্ৰত ভাৰত

          পোহৰৰ গানে গানে

          জাগে জনতাৰ মহাপ্ৰাণ,

যুগ যুগ সঞ্চিত

          স্বাধীনতাহীনৰ

          জাগে জ্বালাময়ী অভিমান ৷

আজি যত ত্যাগীৰ

          প্ৰদীপ্ত কপালৰ

          অৰুণাৱলীয়ে হাঁহি

          দলিতৰ ঘৰ পোহৰায়,

মহাপোহৰৰ বাটে

          মোহন গান্ধী গ

          পৃথিৱীকে বাট দেখুৱায় ৷

ৰামধেনু বাটেৰে কোন যাবি, কোন যাবি

          হ আগুৱান.......

জ্বলন্ত ফুটন্ত এই জ্যোতি - প্ৰপাতৰ

          আলোক ছন্দত ঝঙ্কৃত

          বিশ্বৰ নৱতম সুৰ লয় তান

গা, গা, গা আজি ভাৰতৰ ঘৰে ঘৰে পোহৰৰ গান ৷





[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা কবিতা]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: