অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মেঘে গিৰগিৰ কৰে





মেঘে গিৰগিৰ কৰে

আহা হিৰ হিৰ মেঘে কৰে

বা লাগি আগলতি কলাপাত লৰে

এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে




বহুদিনে ছন পৰা 

মোৰ গাঁৱৰ মাটিডৰা

চহ কৰি সেউজ কৰিম 

আনন্দে নধৰে

মেঘে গিৰগিৰ কৰে

আহা হিৰহিৰ মেঘে কৰে



ধান নিদিওঁ ঋণো নলওঁ

সুদ নিদিওঁ আৰু

মহাজনৰ নিঠুৰ বুধি 

সহো কেলেই বাৰু

বহুতো যে ঘাম সৰালোঁ

তেজো বুকুৰ বহু দিলোঁ

কাঁচিখনত শাণ দিলোঁ

সাহস ভৰি পৰে

মেঘে গিৰগিৰ কৰে

আহা হিৰ হিৰ মেঘে কৰে

এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন)

No comments: