অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মৌন মোৰ ৰুগীয়া মাই





মৌন মোৰ ৰুগীয়া মাই মৰণৰ ক্ষণ গণিছে

শয্যাপাশত মোক দেখি আজি, শেতা হাঁহি এটি হাঁহিছে ।



দেহাত শকতি নাই, মুখতো নুফুটে ভাষা

বৰমইনাক কাষতে দেখি, বহু যেন পালে আশা ।

নীৰব অশ্রুৰ ভাষাৰেই আজি, কিবা কব খুজিছে



শান্তিপ্রিয়া আছিল মা, শান্তিবিহীনা হ

তাআনিৰ সেই লাৱনী মুখনিৰ, ৰহণ কেনিবা গল ।

মা আৰু মোৰ মাজত কিয় কালমৃত্যুৱে নাচিছে



গর্ভদায়িনী জীৱনদায়িনী মা মোৰ মৰমৰ

তথাপি একোকে কৰিব নোৱাৰোঁ, আমি অসহায় বৰ ।

জীৱনে যেন মৰণৰ সতে শেষ সংগ্রাম কৰিছে



আজি মা যেন, মোৰেই শিশু, ময়ে যেন নিৰাপত্তা

মাতৃপুত্র দুয়োৰে যেন, একে হব খোজে সত্তা ।

মোৰ বাহুতেই মাই যেন আজি স্নিগ্ধ শান্তি লভিছে



মৌন নিশা, মৌন ক্ষণ, মৌন আর্ত্তনাদ

মা মৌন, মৌন মই, মনজগত বিষাদ ।

আত্মাই যেন পৰমাত্মাত বিলীন হব খুজিছে



কত প্রেয়সী আহিল গ, কত তোষামোদকাৰী

কত শতৰুৱে বন্ধু ৰূপেৰে জোকাৰিলে তৰবাৰী ।

মাৰ দৰে জানো প্রাণৰ বন্ধু, এই পৃথিৱীত আছে



মাই সৰুতে শিকোৱা গীত, ময়ে এফাকি গাওঁ

তাকে শুনি মা নিদ্রা গলে, মুখনি ভালকে চাওঁ ।

এই জীৱনত মাই মোৰ গীত, শেষৰবাৰলে শুনিছে



দূৰ দূৰণিৰপৰা আহি মই মাৰ হাতখন পিহিছোঁ

মোৰ চকুলোৰে মাৰ কপালত, মৰমৰ ৰেখা আঁকিছোঁ ।

মাৰ অশ্রুৰ আশিষধাৰা, মোৰ গালে-মুখে লাগিছে



দেহাৰ মোহ এৰি মাই যেন, মুকতিৰ দয়া মাগিছে - ।

মৌন মোৰ ৰুগীয়া মাই মৰণৰ ক্ষণ গণিছে

শয্যাপাশত মোক দেখি আজি, শেতা হাঁহি এটি হাঁহিছে ।




(ইউনিক'ডীয় ৰূপান্তৰ  স্যামন্ত কুমাৰ গোস্বামী)

No comments: