অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মুক্তিকামী লক্ষ জনৰ মৌন প্ৰকাশ শুনিছানে নাই ?





মুক্তিকামী

লক্ষ জনৰ

মৌন প্ৰকাশ

শুনিছানে নাই ?



জীৱন আকাশত

নতুন সাহসৰ         

পৰিছে জ্যোতি

দেখিছানে নাই ?



কিমান পালা

নেপালা কিমান

হিচাপ নকৰিলা

কোনো ক্ষতি নাই |



আহিছে সময়

গনণাৰো দিন

কৰিবা প্ৰকাশ

কোনো ত্ৰাস নাই |



কাল ৰাত্ৰিৰ

বুকুতে লুকাই

আছেই প্ৰভাত

বুজিলানে নাই ?



ৰুদ্ধ দ্বাৰেই

মুক্ত বায়ুক

সদা কৰে ভয়

বুজিলানে নাই ?



জীৱন সিন্ধুৰ

প্ৰতি বিন্দুত

উঠিছে জোৱাৰ

ভাঙি পাৰাপাৰ |



মহাশূণ্যৰ

প্ৰতিটো দিশত

শুনিছানে নাই

আমাৰ হুংকাৰ ?



যিমান পাৰা

হোৱা অগ্ৰগামী

নৰবা কিঞ্চিত্‍          

কোনো লাভ নাই |



ধ্বংসকাৰীক

পৰাস্ত কৰা

শান্তি যুঁজৰ

কোনো ক্ষয় নাই |



কালৰাত্ৰিৰ

বুকুতে লুকাই

আছেই প্ৰভাত

বুজিলানে নাই ?



ৰাইজ সিংহক

শৄংখল লগালে

সদা কৰে ভয়

বুজিলানে নাই ?




(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: