অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কলিৰ কৃষ্ণ বুলি নোজোকাবা




কলিৰ কৃষ্ণ বুলি নোজোকাবা

কৃষ্ণ কৃষ্ণ বুলি নোজোকাবা মোক

মইতো তোমাক আজি মতা নাই ৰাধা বুলি

কলিৰ কৃষ্ণ বুলি



ষোল্লশ গোপীও নাই এয়া কলি কাল

বিচাৰি তোমাকে পালোঁ

ভাগ্য ভাল

ভাগ্য ভাল বুলি

কলিৰ কৃষ্ণ বুলি নোজোকাবা

কৃষ্ণ কৃষ্ণ বুলি


কাষতে লুইত আছে যমুনাও বহুদূৰ

কাষতে লুইতহে আছে যমুনাও বহু দূৰ

বাঁহীও নবজাওঁ

নেজানোঁ কৃষ্ণ সুৰ



ৰাস পূর্ণিমা নাই এয়া বিজুলী চাকি

নহবা অভিমানিনী

ৰজনী অলপহে বাকী

চোৱা নয়ন মেলি

কৃষ্ণ কৃষ্ণ বুলি নোজোকাবা 

মইতো তোমাক আজি মতা নাই ৰাধা বুলি

কলিৰ কৃষ্ণ বুলি নোজোকাবা মোক

কলিৰ কৃষ্ণ বুলি




(ইউনিকডীয় ৰূপান্তৰ-মিতালী বর্মন)                   

No comments: