আকাশী ঘৰত থাকে
ঈশ্বৰৰ
ল’ৰা
জোন-বেলি-তৰা
আমাৰ ঘৰত মই
দুষ্টলি
কৰা
দেউতাৰ
ল’ৰা ৷
বেলি কৰা জিক্মিক্
জোনবায়ে চিক্মিক্
তৰাবোৰে ঢিমিক্ ঢিমিক্
মই
নাচো ধিনিক্ ধিনিক্ ;
ৰিৎ ধিন্ ধিনিক্
খিৎ ধিন্ ধিনিক্
খিতা ধিনা ধিন্দাও
নিত্
তাও
খিৎ
ধিন্ ধিনিক্
ৰিৎ
ধিন্ ধিনিক্ ,
ভনীটিয়ে লগতে
জুনুকা
পিন্ধি নাচে
ৰিণিক্
ৰিণিক্ ঝিন্
জিনিক্
জিনিক্
দেউতাই মায়ে যে হাঁহে খিক্ খিক্ খিক্ ৷
ভাল ভাল লেখা থকা
ৰঙা-বগা
বাঘ অঁকা
বাংকৰা-বিংকৰা
কিবা
অঁকাবঁকা
কিতাপ
কেখন মই মেলি মেলি যাওঁ ৷
চাই চাই হৈ গলে
চেৰেক্
চেৰেক্কৈ
পাতবোৰ
ফালি
ফালি
মুখত
সুমাওঁ ৷
পাওঁ বৰ ৰং
মায়ে
কিন্তু নিলে কাঢ়ি
হাত-ভৰি
মাৰি মাৰি
কান্দো
হাও হাও—
উঠে বৰ খং
মাটিত
বাগৰি দুৰোঁ
খং
খাই জাঁপ ধৰোঁ
দিগ্দাৰি
পাওঁ
ৰৈ
ৰৈ মাজে মাজে চিঞৰ সোধাওঁ ৷
দেউতাক দেখিলেই
শান্ত-শিষ্ট
হৈ
মাৰ
পাছফালে গৈ
আঁৰত
লুকাওঁ,
মনে মনে ভাবি থাকোঁ
কেতিয়া
আকৌ মই
ছবিবোৰ
ফালিবলে’ পাওঁ
দেউতাৰ
চকুলৈ জুমি জুমি চাওঁ ৷
মোৰ দুষ্টালি চাই
মায়ে
হ’লে
মনে
মনে
বৰ
ভাল পায়,
চকু গাঁঠি ঘোপা কৰি
মোৰ
ফালে চাই
আন
ফালে মুখ কৰি
ওঁঠখন
চেপা মাৰি
হাঁহে
মিচিকাই ;
দেউতাৰ হ’লে
সেই
চব নাই
দুষ্টালি
কৰাকেই
দোষ
বুলি ধৰি লৈ
চিৰিপ্ চিৰিপ্কৈ
দিয়েহি কোবাই ৷
মাতকৈ দেউতাৰ
বুদ্ধি
বৰ কম,
মই কিয় নাচোঁ-বাগোঁ
কিয়
ধিতিঙালি কৰোঁ
মই
কিয় জাঁপ মাৰোঁ
নাই
তাৰ গম ৷
এটা কথা—
দেউতাও
বৰ ভাল পিছে
ভাল
ভাল বিস্কুট
মোক
আনি দিছে ৷
ঘনে ঘনে ভোক লগা
দেউতাই বুজে
মায়ে হলে ভোক ভোক
কৰি
কৰি ঘূৰি ফুৰিলেও
নুউজে,
নুবুজে ৷
পেট বেয়া হব বুলি
দেউতাই
দিয়াবোৰো
কাঢ়ি
লৈ যায়,
ওপৰৰ শিকিয়াত তুলি থয়
কোনোমতে ঢুকিকে নাপায় ৷
তাঁত-বাতি কৰিবলে’
মা
যাওঁতেই
মূঢ়াকেটা জোৰা দি দি
আধা
পাওঁতেই
লুটি
খাই পৰি গৈ
কান্দো
ভাও ভাও,
মা আহি পালেহিয়ে
দেউতাৰ
ওচৰলে’
লৰোঁ
কাও কাও ৷
দেউতাক নেদেখি
আগফালে
ৰওঁগৈ
পদূলি-মূৰত
বাহিৰলে’ আহিব
নোৱাৰি মায়ে
দাঁত-মূৰ
কামোৰে খঙত ৷
মাৰ
পৰা সাৰোঁ
তিনি
জাঁপ মাৰোঁ ৷
দেউতাই মোকে দিয়া
ময়ে
যদি বিস্কুট খাওঁ,
মায়ে আক’ মাজতেই
দিগ্দাৰি কৰি কৰি
কয়
বোলে কোবাওঁ কোবাওঁ,
ইনো কেনে অদভুত
বুজিকে
নাপাওঁ ৷
মাৰ কেঞাআঙুলিত
মোৰ
হেনো ওপজা-বছৰ,
বগাই বগাই হেনো
পাৰ
হ’ল ছটা আঁক
আঙুলি
পাৰৰ ৷
আৰু বোলে নচলিৰ
ঘচৰ
মচৰ,
পঢ়াবলে’ আনি দিব
এটা হেনো
মস্ত
মাষ্টৰ ৷
ৰাতিপুৱা দুপৰীয়া
পঢ়াই
পঢ়াই মোক
লিখাৰ
আখৰ
তুৰিমূৰি
কৰিলেই মৰিব থাপৰ ৷
পহিলা তাৰিখ
আজি নতুন মাহৰ,
সন্ধিয়া বেলিকা বোলে
ওলাবহি
ভীম মাষ্টৰ ৷
দিনটো ভাবি ভাবি
গুণি
আছোঁ মই
ভীমটোনো কেনেকুৱা মাষ্টৰ হয়,
ল’ৰাবোৰ
কোবাবলে’
কি
ভাল পায়,
তাৰ পৰা সাৰিবৰ
কিনো
উপায় ৷
গধূলি
পৰত মোক লিখাৰ আখৰ
তুৰিমূৰি
কৰিলেই মাৰিব থাপৰ ৷
আজিহে
আজি
মগু-মাহৰ
গাজি ৷
[‘বাঁহী’ৰ
কুঁহিপাত আৰু ‘অসমীয়া’ৰ
অক’মানিৰ চৰা’ত
প্ৰকাশিত ]
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment