অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হে’ মোৰ ধৰিত্ৰী আই





হে মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,                

খেতিয়্কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়;                   

দয়া কৰা দয়াশীলা আই |

দয়া কৰা দয়াশীলা আই |



হে মোৰ ধৰিত্ৰী আই            

চৰণতে দিবা ঠাই,     

খেতিয়্কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়;

দয়া কৰা দয়াশীলা আই |

দয়া কৰা দয়াশীলা আই |



দ বৰষুণ কাটি কৰি,

ঘাম পেলাই চহ কৰি,

তোমাৰ বুকুত সোণ চপাওঁ,        

আনে নিয়ে কাঢ়ি,

লোকে নিয়ে কাঢ়ি |



ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা,        

তোমাৰ চেনেহ বিনে আই

আমি নিৰূপায় |



মাটিকে সাৱটি ধৰি         

মাটিকে সাৰথি কৰি

মাটিৰ বুকুত শোণিত ঢালোঁ

জিৰণি পাহৰি;

জিৰণি পাহৰি |



ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা,

তোমাৰ চেনেহ বিনে আই                 

আমি নিৰূপায় |



মই হলো মাউৰা লৰা         

মোৰ আই নাই;

কাবৌ কৰোঁ ধৰিত্ৰী মোৰ

তুমি হবা আই |



মই হলো মাউৰা লৰা          

মোৰ আই নাই;

কাবৌ কৰোঁ ধৰিত্ৰী মোৰ

তুমি হবা আই |



মাটি আৰু খেতিয়কৰ

সম্বন্ধ আছে যুগ-যুগৰ

কৄষক মাটিৰ মিলনত

দিয়ে অন্তৰায়,

দিয়ে অন্তৰায় |
            


হে মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,         

খেতিয়্কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়;

দয়া কৰা দয়াশীলা আই |

দয়া কৰা দয়াশীলা আই ||
                        


*গীতিকাৰ: মিত্ৰদেৱ মহন্ত (?), সুৰকাৰ: ? কন্ঠশিল্পী: ড০ ভূপেন হাজৰিকা
(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: