অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

পাচলিৰ বাগিচা সৰু বাগিচা





(শিশুৰ গীত )



পাচলিৰ বাগিচা সৰু বাগিচা,

মোৰ সৰু বাগিচা জানো দেখিছা ?



তাত মই ৰুইছোঁ, পাচলি ইমান

সৰিয়হ ফুলবোৰ ফুলিছে কিমান !



সৰু সৰু কোৰেৰে নিজে কোৰ মাৰোঁ

সৰু সৰু খন্তিৰে নিজে চাহ কৰোঁ |



আবেলি পাচলিত দিওঁ মই পানী

মটৰৰ কলিবোৰ খাওঁ চিঙি আনি |



কবি, মূলা, উৰহি, শাক লফা, লাই

পুৱাতেই চিঙো মই খৰাহী ভৰাই |



বজাৰত পাচলি বহু বেচা হয়,


মোৰ বাগিচাৰ দৰে সোৱাদ নহয় |



পাচলিৰ বাগিচা সৰু বাগিচা,

মোৰ সৰু বাগিচা জানো দেখিছা ?




*গীতিকাৰ: ড০ ভূপেন হাজৰিকা, সুৰ আৰু কন্ঠ: ৠতুপৰ্ণ শৰ্মা আৰু সহশিল্পী এটি অজ্ঞাত শিশু, *এলবাম: অকণিৰ গীত

 (ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: