ভাঙ শিল ভাঙ
তোৰ ঘাম ভৰা নঙঠা পিঠি
তপত ৰ'দৰ যায় ফাটি
কোমল ভৰিৰ তলুৱাত জ্বলে
তপত ৰঙা ৰঙা মাটি,
তথাপিও তোৰ নাই গুণ গাওঁতা
ভাঙ ভাঙ ভাঙ ভাঙোতা শিল ভাঙ।
আকাশ পৰশা ক'লা শিলবোৰে
যুগ যুগ আছে উন্নতশিৰে
ভাবে সৰু সৰু মানুহৰ নাই শক্তি
চুৰ নকৰিব শিল শক্তি মূৰ্ত্তি
ভাবে নাই নাই নাই হাত দাঙোতা
ভাঙ ভাঙ ভাঙ ভাঙোতা শিল ভাঙ।
নিজ হাতেৰে শুকান মাটি খান্দ
সৰু শিলেৰে সেন্দুৰী আলি বান্ধ
অ' তই নিজহাতে গঢ় দিয়া আলিটিৰে
অহা যুগৰ সভ্যতাই আগবাঢ়ে
তই শিলেৰে ইতিহাস ৰচোঁতা
তই সাম্যৰ ৰহণ সানোতা
ভাঙ ভাঙ ভাঙ ভাঙোতা শিল ভাঙ
(ইউনিক'ডীয় ৰূপান্তৰ → গীতাৰ্থ বৰদলৈ)
No comments:
Post a Comment