অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে





কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে শীৰ্ষক এই গীতটো সুধাকণ্ঠ‍ই ১৯৩৭ চনত ৰচনা কৰা এই গীতটো তেজপুৰ হাইস্কুলৰ হাতে লিখা আলোচনীত প্ৰকাশ পাইছিল| এই গীতটোৱেই আছিল সুধাকণ্ঠৰ ৰচনা কৰা প্ৰথমটো গীত|


কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে

ধৰিছিল নামৰে তান

নামৰে সুৰতে আনন্দত নাচিছিল

পবিত্ৰ বৰদোৱা থান

মোৰ গুৰু ঐ, পবিত্ৰ বৰদোৱা

থান||

অশেষ যাতনা ভুঞ্জিলা শ্ৰীশংকৰ

ধৰমৰ নামতে তুমি

সকলো দুখলৈ পিঠি দিলা গুৰু,

ধন্য অসম ভূমি||

নামঘৰ সাজিলা, ৰাইজক থাপিলা

একতাৰ আসনত আনি

ভাওঁনা সোণতে বৰগীত সুৱগা

প্ৰচাৰিলা দেৱবাণী

মোৰ গুৰু ঐ, প্ৰচাৰিলা দেৱবাণী

এটুপি দুটুপি চকুলো সৰে মোৰ

দুখনি চৰনক পাই

অসমৰ আকাশত দুখৰ ৰোল

উঠিছে আজি

শ্ৰীশংকৰ নাই মোৰ গুৰু ঐ, আজি

শ্ৰীশংকৰ নাই||




(ইউনিকডীয় ৰূপান্তৰ-বিষ্ণু শ‍ইকীয়া)


No comments: