অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মহাত্মাই হাসি বোলে ৰাম ৰহিম





কথা :
মহাত্মাই হাঁহি হাঁহি আৰু কেতিয়াৱা চকুপানী লুকুৱাই  বহু কথা কৈ গৈছিল


গীত :
মহাত্মাই     হাসি     বোলে     ৰাম     ৰহিম

বান্ধৱ ৰাম ৰহিম,

একেলগে একেসঙ্গে বান্ধৱ পাতিম

হায় হায় ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম,

মহাত্মাই     হাসি     বোলে     কৃষ্ণ কৰীম

বান্ধৱ শিৱ ইব্ৰাহীম

দুয়ো একেজন হৰি কাকনো দুষিম

হায় হায় ৰাম ৰহিম,

আল্লা ৰাম ৰহিম|



মহাত্মাই     হাসি     বোলে     গীতাকে শুনিম

বান্ধৱ বেদকে শুনিম,

শুনি পিছে কোৰাণৰো আয়াতক পূজিম

হায় হায় ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম,

মহাত্মাই     হাসি     বোলে মন্দিৰে পূজিম

বান্ধৱ দেৱকে পূজিম

পূজি উঠি মছজিদৰো ভেটি নাভাঙিম

হায় হায় ৰাম ৰহিম,

আল্লা ৰাম ৰহিম|





মহাত্মাই     হাসি বোলে হিংসা নকৰিম

বান্ধৱ মৰমে মৰিম

মানুহৰ উপৰি নাই কাকনো দূষিম

হায় হায় ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম|







মহাত্মাই কান্দি বোলে ম‍ইহে চলিম

বান্ধৱ আৰু নাথাকিম,  

জগতৰ ৰক্ত নদী আৰু নসহিম

হায় হায় ৰাম ৰহিম,

আল্লা ৰাম ৰহিম|



মহাত্মাই কান্দি বোলে ম‍ই কি কৰিম

বান্ধৱ কতনো কৰিম

ইপুৰীত ত্যাজী ম‍ই সিপুৰীত কান্দিম

হায় হায় ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম,

আল্লা ৰাম ৰহিম,

আল্লা ৰাম ৰহিম,

হায় হায় ৰাম ৰহিম|



(ইউনিক'ডীয় ৰূপান্তৰ  বিষ্ণু শ‍ইকীয়া)

No comments: