হে’ চৰাইদেউ পৰ্ব্বতত কুকুৰা কাটিলোঁ,
পাটকাইত পৰিলে তেজ,
নাচনীৰ
খোপালৈ চাবকে নোৱাৰি,
অ’ যেন ময়ুৰৰে নেজ |
কি চাই আছ’ ৰৈ ৰৈ ?
কি চাই আছ’ থিয় হৈ ? ...২ বাৰ(ভূ:হা: ১, পু: সমজুৱা ১)
মন মৰা যেন
দেখিলে,
বেয়া লাগে
সছাঁকৈ | ...২বাৰ(ভূ:হা:
১, পু: সমজুৱা ১)
কি চাই আছ’ ৰৈ ৰৈ ?
কি চাই আছ’ মুখলৈ ? ...২বাৰ (নাৰী: ১, না: সমজুৱা ১)
হেমহেমিয়া
চাপৰত
নাচোঁনো মই
কেনেকৈ !?
...২ বাৰ (নাৰী: ১, না: সমজুৱা ১)
গিৰিপ গিৰিপ
কৰি
নাচি থাক ঐ
নাচনী আইজনী | ...ভূ:
হা: ১
নাচি থাক ঐ
নাচনী আইজনী |
...পু: স: ১
ভিৰাই নামাৰিবি লৰ | ...পু:
স: ১
মিচিক-মাচাক
কৰি
হাঁহি থাক ঐ
নাচনী আইজনী ...ভূ:
হা: ১
হাহি থাক ঐ
নাচনী আইজনী ...পু:
স: ১
দেহাতে
পিৰীতিৰ জ্বৰ | ...পু:
স: ১
হে ধিনিকি,
হে ধিন দাওঁ দাওঁ,
বজাই থাক ঐ ঢুল এটি দেহি, ...না: ১
বজাই থাক ঐ
ঢুল এটি দেহি, ...
না: স: ১
নলগা লৈকে
ভাগৰ | ...
না: স: ১
হে দেহা ভাঙি
ছিঙি
হে নাচিবলৈ
মনে ঐ দেহি, ... না: ১
নাচিবলৈ মনে
ঐ দেহি, ... না:
স: ১
কঁকাল ঐ
নৰইচোন থৰ !! ... না: স:
১
ৰাতি পৰে পৰে
... ভূ:
হা: ১
ফেঁচাই
কুৰুলিয়াই,
ফেঁচাই
কুৰুলিয়াই,
আমাৰ বিহুত আমনি নাই | ... পু: স: ১
বিহুৰে তলিতে
...ভূ:
হা: ১
তোকে বাচি ললোঁ,
তোকে বাচি
ললোঁ
কঁকাল
খামুচিয়া চাই | ...পু:
স: ১
শালিকি চৰাইয়ে ...
না: ১
কিৰিলী
পা..পাৰিলে.,
কিৰিলী
পা..পাৰিলে
গছৰ গুটি
খাবলৈ পাই | ...না:
স: ১
তোৰে মোৰে
জান ঐ ... না: ১
পিৰীতি প..পকিলে,
পিৰীতি প..পকিলে
ৰাতিৰ বিহু
চাবলৈ পাই | ...না: স:
১
অ’ চেঙেলী ধৰিলোঁ চিপত সমনীয়া
চেঙেলী
ধৰিলোঁ চিপত,
হাত বাওলি
মাতিলে মানুহে দেখিব,
আহিবি তই
চকুৰে,
এ টিপত লো মন চৰাইয়ে ফুটুকলা,
খাইয়ে লো মন
চৰাইয়ে ফুটুকলা চৰাইয়ে ফুটুকলা খাই |
... ভূ: হা: ১
হে’ই, আকৌ লো মন চৰাইয়ে ফুটুকলা
খাইয়ে লো মন
চৰাইয়ে ফুটুকলা চৰাইয়ে ফুটুকলা খাই |
... পু: স: ১
হে’, ধনবৰৰ জীয়েকক
মনবৰে লৈ গ’ল
কঠিয়ানী
তলিতে ... ভূ: হা: ১
পাইয়ে লো মন চৰাইয়ে ফুটুকলা,
খাইয়ে লো মন
চৰাইয়ে ফুটুকলা চৰাইয়ে ফুটুকলা খাই |
...পু: স: ১
হে’ই, আকৌ লো
মন চৰাইয়ে ফুটুকলা
খাইয়ে লো মন
চৰাইয়ে ফুটুকলা চৰাইয়ে ফুটুকলা খাই ||
...৩ বাৰ পু: স: ১..২..৩..
আইজ’ঐঐ....হিৰ
ৰ ৰ ৰ ৰ ৰ ৰ
(ইউনিক'ডীয়
ৰূপান্তৰ → প্ৰাঞ্জল বড়া)
No comments:
Post a Comment