অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইত পৰীয়া তেজাল ডেকা







লুইত পৰীয়া তেজাল ডেকা      

তুমি আজি অমৰ হলা

তুমি আজি শ্বহীদ হলা



যি শ্বহীদবেদী             

তুমি নিজ হাতেৰে

কালি মাথোঁ সাজিছিলাঁ        

সেই বেদীতেই মৃতদেহ হৈ       

তুমি আজি জাহ গলা

তুমি আজি শ্বহীদ হলা




শৰীৰ তোমাৰ আজি শব্দবিহীন

জ্যোতিত বিলীন হলা

পিছে প্ৰকাশৰ যেন

আগ্নেয়গিৰি হৈ

আৰ্তনাদ হলা

আৰ্তনাদ হলা

তুমি আজি অমৰ হলা




লুইত পাৰৰে সবাৰে শান্তিৰ

বাবেই সংগ্ৰামী হলা

প্ৰতাৰণাৰ চিকাৰ হৈ        

আজি যেন গুচি গলা         

সমাজৰ নাবিকৰ কালসাগৰত

তুমি যেন প্ৰদীপ হলা               

আজি তুমি শ্বহীদ হলা




আছিল কিমান তোমাৰ আঁচনি

অপূৰ্ণ দেখি গ'লা

অপূৰ্ণতাক পূৰ্ণ কৰিবলে'

হেজাৰক প্রেৰনা দিলাঁ

হেজাৰক প্রেৰনা দিলাঁ

তুমি আজি শ্বহীদ হ'লা ৷৷




(কথাছবি: সংকল্প ,১৯৮৪ চন)
(ইউনিক'ডীয় ৰূপান্তৰ   দীপা  ডেকা)

No comments: