অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কান্দিছনো কিয়, সংগ্ৰাম যদি জীৱ্নৰ এটি নাম





(কান্দিছনো কিয়, কান্দিছনো কিয়, কান্দিছনো কিয় ?)

(কান্দিছনো কিয়, কান্দিছনো কিয়, কান্দিছনো কিয় ?)



সংগ্ৰাম যদি জীৱনৰ এটি নাম,

(সেই) সংগ্ৰাম হওক তোৰ প্ৰিয়;

দুহাতেৰে চকু দুটি ঢাকি ধৰি তই

অকলে কান্দিছনো/উচুপনো কিয় ?



আঘাতেই যদি তোৰ জীৱ্ন পথত

নিতে নিতে সহচৰ হয়,

বেদনাই যদি নিষ্ঠুৰভাৱে

অকালতে আনে পৰাজয়,

তেনে সংগ্ৰাম কৰি কৰি আকাশলৈ চাই

থিয় তই নহৱনো কিয়?



(কান্দিছনো কিয়, কান্দিছনো কিয়, কান্দিছনো কিয় ?)



চহৰে নগৰে, গাৱেঁ পথে-ঘাটে পথাৰে

সমদল দেখিছ নে নাই ?

তোৰ দৰে হেজাৰে চিঞঁৰি চিঞঁৰি সৌৱা

আগবাঢ়ে পৄথিৱী কপাই

যি তই নাপালি, কাঢ়ি কিয় নানিলি

ইঙ্গিত নুবুজাটো হৱ |



(কান্দিছনো কিয়, কান্দিছনো কিয়, কান্দিছনো কিয় ?)

(কান্দিছনো কিয়, কান্দিছনো কিয়, কান্দিছনো কিয় ?)





*গীতিকাৰ: ড০ ভূপেন হাজৰিকা, কন্ঠ: উষা মঙ্গেশকাৰ
(ইউনিকডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: