অনুসন্ধান আকাংক্ষাত

Thursday, May 17, 2012

আজিৰ কবিতা তাই





আজিৰ কবিতা তাই

খোজ কঢ়া ছন্দেৰে যায় দিঠকলে,

          আহিলে ওলাই

          খোজে খোজে নৱ লয়লাস

                   অভিনৱ ছন্দবিকাশ ৷

কল্পনাৰ ফুলনিত

সোণালী সপোন দেখি

অত দিন শুই থাকি

যন্ত্ৰৰ গুম্‌গুমনিত সাৰ পায় ৷

দেখে...

আকাশেদি উৰি যায়

যন্ত্ৰবিমান ;

শুনে....

বাজে খৰ্‌খৰণিৰে ৰেডিঅৰ গান ৷

খুলি থৈ সোণখাৰু

কঙ্কণ......

গাৰ পৰা মচি থৈ

কুঙ্কুম চন্দন ;

ৰেলৱে ট্ৰেইনৰ

তৃতীয় শ্ৰেণীত উঠি

বনুৱাৰ হজুৱাৰ গাঁৱলৈ যায়,

শাক ভাত খায় ৷

তা সাজ পিন্ধি তাই

ফুকাৰিছে.....

বিপ্লৱী বিকুল ৷

কম্পমান সাগৰৰ ইকুল সিকুল ৷

ধূলিলৈ নামি যায় ....

মাইনত নামি চাই

কাৰখানা ফেক্টৰীত ভূমুকিয়াই ;

সুন্দৰৰ ৰাজ্য দেখি থানবান

আজি কবিতাৰ অভিমান ৷

কপালৰ গাঁথি থোপাকৈ

চকুত জ্বলাই তোলে এক নৱজ্যোতি

নতুন দিনৰ তাই নতুন পোছাক পিন্ধি

                   আজি ৰূপৱতী ৷

বাল্মীকিৰ দিনৰে তাই

          চিৰনবীনা

          চিৰযৌৱনা

          যুগাগ্ৰদূতী ৷৷





[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা কবিতা]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: