আহ অ’ অকণি আহ
আহ অ’ অকণি আহ
নতুন
দিনৰ
নতুন
জীৱনৰ
ফুলা
ফুলনিত হাঁহ,
আহ অ’
অকণি আহ ৷
শেৱালি-নেৱালি পলাশ-পাৰলি
তগৰ
খৰিকাজাঁই
কেতেকীৰ
গোন্ধে মলেমলাই,
পদুম ফুলিছে ৰঙা নলী বগা
লেখিবকে
পৰা নাই ৷
নতুন পুৱাৰ পোহৰ জুৰিত উটি
ফুলাম
পালৰ নাৱত হাঁহিছে
ফুলৰ
কোঁৱৰ ফুলৰ কুঁৱৰী দুটি
নেদেখা
নুশুনা নৰুন ফুলৰ
সিঁচিছে
ধুনীয়া গুটি ৷
তই জগাব লাগিব
ভাৰতৰ
জন
জিনিব লাগিব
পৃথিৱীৰ
মন,
তয়ে অসমৰ
তয়ে ভাৰতৰ
তয়ে জগতৰ
তয়ে
অভিনৱ জ্যোতি
তয়েই বালাৰ্জ্জুন
তবেই বালাৰুণ ৷
মহামহত্বৰ
চিৰসুন্দৰৰ
আলোকদীপ্ত
অজেয় সেনাপতি
কোনে
ৰোধে তোৰ প্ৰগতি অগ্ৰগতি
আলোকদীপ্ত
অজেয় সেনাপতি ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
শিশু-কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment