অনুসন্ধান আকাংক্ষাত

Saturday, September 15, 2012

দুদিনীয়া পদুম (সৌৱা সুৱগী সৰোজ নলিনী)





সৌৱা সুৱগী সৰোজ নলিনী

          শুভ্ৰ ৰূপৰ পাহিটি মেলি

নিশা জোনাকৰ চন্দন সানি

          নিশাৰাজ্যৰে কৰিছে কেলি

          আমোলাই সুৰভি সুবাসে নাচে

          লীলায়িত লয়লাসে

সৰি-জহি যাব দুদিনতে ?

          কিনো ক্ষতি তাত

দুদিনতে সকলো নিমাত

দুদিনতে খেলি লোৱা খেলা অনন্তৰ

দুদিনীয়া পদুমৰ চকাত

          উজলি উঠে

          মুখখনি চিৰসুন্দৰৰ ৷


[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: