প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা।
শুনা সখী শকুন্তলা তুমি বান্ধা খোপা।।
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল তগৰ।
শুনা সখী ৰূপৱতী নধৰা জগৰ।।
তৃত্বীয় প্ৰহৰ ৰাত্ৰি ফুলিলে শেৱালি।
কেতেকীয়েও তোমাৰ হিয়াত দিলে পৰাগ ঢালি।।
আইদেউৰে গালৈকে চাবকে নোৱাৰি।
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি।।
ষষ্ঠ প্ৰহৰৰ ৰাত্ৰি ফুলি আছিল যুতি।
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰা স্তুতি।
(কণ্ঠ :- ইলা বোস আৰু কবিতা হাজৰিকা)
(ইউনিক'ডীয় ৰূপান্তৰ → উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment