(বিহু গীত)
কল তলৰ ঢেকিয়া
তেনেই ফুচুকিয়া,
কল তলৰ ঢেকিয়া
তেনেই ফুচুকিয়া,
ধৰি দিলেই মতকি পৰে হে মইনাজান,
অ’ অ’ অ’ দেহাজান |
ঐ আমাৰে নাচনী তেনেই কুমলিয়া
আমাৰে নাচনী তেনেই কুমলিয়া
কথা পাতি ভয় হে লাগে মইনাজান
অ’ অ’ অ’ দেহাজান,
অ’ অ’ অ’ দেহাজান | (...ভূ:হা:, পু:স:)
এ মুগাৰে মেখেলা তেনেই খমখমিয়া,
মুগাৰে মেখেলা তেনেই খমখমিয়া
খোজে হে পতি খমে খম কৰে মইনাজান
অ’ অ’ অ’ দেহাজান |
এ আমাৰে বিহুৱা সঁছাই ধেমেলিয়া,
আমাৰে বিহুৱা সঁছাই ধেমেলিয়া
কথাই পতি হহুঁৱাই মাৰে হে মইনাজান,
অ’ অ’ অ’ দেহাজান,
অ’ অ’ অ’ দেহাজান | (...না:, না:স:)
কপাহেও ভাবে নিজক গধুৰ বুলি,
কপাহেও ভাবে নিজক গধুৰ বুলি,
বতাহতো ৰেণু যোৱা লৈয়ে হে মইনাজান,
অ’ অ’ অ’ দেহাজান |
তুমি যে ভাবিছা ডাঙৰ হ’লো বুলি,
তুমি যে ভাবিছা ডাঙৰ হ’লো বুলি,
আঙুলিত গণি চাবা বয়স মইনাজান,
অ’ অ’ অ’ দেহাজান,
অ’ অ’ অ’ দেহাজান | (...ভূ:হা:, পু:স:)
হে’ বহু কথা জানা নকলেও তুমি,
বহু কথা জানা নকলেও তুমি,
বহু কথা জানা নকলেও তুমি,
হে’ ধৰিব পাৰিছোঁ তোক চকুত মইনাজান,
অ’ অ’ অ’ দেহাজান,
অ’ অ’ অ’ দেহাজান |
হে’ বয়সে ধুনীয়া কৰা নাইয়ে যদি,
বয়সে ধুনীয়া কৰা নাইয়ে যদি,
কেলৈ নো মই বহুতৰ চকুত মইনাজান ?
অ’ অ’ অ’ দেহাজান,
অ’ অ’ অ’ দেহাজান | (...না:, না:স:)
কল তলৰ ঢেকিয়া
তেনেই ফুচুকিয়া,
কল তলৰ ঢেকিয়া
তেনেই ফুচুকিয়া
ধৰি দিলেই মতকি পৰে হে মইনাজান,
অ’ অ’ অ’ দেহাজান |
ঐ আমাৰে নাচনী তেনেই কুমলিয়া
আমাৰে নাচনী তেনেই কুমলিয়া
কথা পাতি ভয়ে হে লাগে মইনাজান
অ’ অ’ অ’ দেহাজান |
অ’ অ’ অ’ দেহাজান |
অ’ অ’ অ’ দেহাজান | | (...পু:স:)
(ইউনিক’ডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)
No comments:
Post a Comment