অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মিঠা মিঠা বহাগৰ





মিঠা মিঠা বহাগৰ

গীত এটিকে ৰচো বুলি ভাবিলো

তেনেতে চুচুক চামাককৈ কাষ চাপিলা

ম‍ই যেন ভাষা পালো

মিঠা মিঠা বহাগৰ


......


লুইততে তিওৱা

তোমাৰ দেহা         

মাহ আৰু হালধিৰ

সুবাশ ঘহা

নিচেই কাষতে

পোৱাৰ পিছত

সোণ যেন হাততে পালো

মিঠা মিঠা বহাগৰ


......


মোৰ বহাগে যেন

মোৰ বহাগে যেন

এটি সৰু বিহুগীত

মোৰ বহাগে যেন

এটি সৰু বিহুগীত

কৰবাত হেৰাই যোৱা

আজি যেন হঠাতে পোৱা
একজাক গাভৰুৱে

হঠাতে হঁহা

একজাক বগলী বলীয়া হোৱা    

বিহুৱা আবেশে আজি

মোক জোকোৱা

ম‍ই যেন ধুমুহা হলো
             


মিঠা মিঠা বহাগৰ                

গীত এটিকে ৰচো বুলি ভাবিলো

তেনেতে চুচুক চামাককৈ কাষ চাপিলা

ম‍ই যেন ভাষা পালো

মিঠা মিঠা বহাগৰ

মিঠা মিঠা বহাগৰ




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: