কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ,
হেৰালে চেতনা গাৰ;
মৰিচীকা খেদি ভাগৰি পৰিছোঁ,
একোৰে পোৱা নাই পাৰ,
একোৰে পোৱা নাই পাৰ |
কি মায়া জৰীৰে বান্ধিলা গোঁসাই অ’,
হেৰালে চেতনা গাৰ;
মৰিচীকা খেদি ভাগৰি পৰিছোঁ,
একোৰে পোৱা নাই পাৰ,
একোৰে পোৱা নাই পাৰ |...( ২ বাৰ )
সমাজখন ভুৱাৰে ভৰি গ’ল,
মানুহে মানুহক নিচিনা হ’ল |
সমাজখন ভুৱাৰে ভৰি গ’ল,
মানুহে মানুহক নিচিনা হ’ল |
বৰঘৰ মজীয়াত ফেঁটি-গোম সোমালে,
সছাঁ মানৱতা কেনিবা লুকালে,
মৰমেও ল’লে আঁৰ,
মৰমেও ল’লে আঁৰ |
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ,
হেৰালে চেতনা গাৰ;
মৰিচীকা খেদি ভাগৰি পৰিছোঁ,
একোৰে পোৱা নাই পাৰ,
একোৰে পোৱা নাই পাৰ |
সুনীতিৰ আসনত অনীতি বহিছে,
ধৰমৰ খুটিও সঘনে লৰিছে,
সুনীতিৰ আসনত অনীতি বহিছে,
ধৰমৰ খুটিও সঘনে লৰিছে |
চিনাকি আলহীয়ে গিৰিহঁত সাজিছে,
ঘৰৰে ধন-বিত হেলাৰঙে লুটিছে;
কোনেও পোৱা নাই সাৰ,
কোনেও পোৱা নাই সাৰ |
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ,
হেৰালে চেতনা গাৰ;
মৰিচীকা খেদি ভাগৰি পৰিছোঁ,
একোৰে পোৱা নাই পাৰ,
একোৰে পোৱা নাই পাৰ |
কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ,
হেৰালে চেতনা গাৰ;
মৰিচীকা খেদি ভাগৰি পৰিছোঁ,
একোৰে পোৱা নাই পাৰ,
একোৰে পোৱা নাই পাৰ ||...( ২ বাৰ )
(ইউনিক’ডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)
No comments:
Post a Comment