অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

দোলা দোলা দোলা দোলা





দোলা দোলা দোলা দোলা

একা বেকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ

বৰ বৰ মানুহৰ দোলা

আপোন কৰিলো বনুৱাৰ জীৱনক

দেহা ভাগৰাই তোলা  হে দোলা




দোলাৰ ভিতৰত তিৰবিৰ কৰিছে

চহকী পাটৰে পাগ

ঘনে ঘনে দেখিছো লৰচৰ কৰিছে

শুকুলা চোঁৱৰৰ আগ

মোৰহে লৰাটিক এইবাৰ বিহুতে

নিদিলো সুতাৰে চোলা

চকুলো ওলালেও মনটি নাভাঙো

কঢ়িয়াই লৈ যাওঁ দোলা হে দোলা




যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি

কান্ধ ভাঙো ভাঙো কৰে

বৰ বৰ মানুহে দোলাত টোপনি যায়

আমাৰহে ঘামবোৰ সৰে

ওখকৈ পাহাৰৰ টিঙটি উঠিছো

ভালকৈ খোজটি মিলা

আমাৰ কান্ধৰ পৰা পিচলিব লাগিলে

বাগৰি পৰিব দোলা

ৰজা মহাৰজাৰ দোলা

বৰ বৰ মানুহৰ দোলা




(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: