অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

শৈশৱতে ধেমালিতে





শৈশৱতে ধেমালিতে তোমাৰে ওমলা মনত আছে

হাগ মাহৰ লুইতখনিত দুয়ো সাঁতোৰা মনত আছে         

যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে

মোৰ অবিহনে চিপজৰী লবা বুলি কোৱা মনত আছে



হাগ মাহৰ লগতে এদিন আহিল বৰদৈচিলা

সেই ধুমুহাত কাৰোবাৰ সতে তুমি দেখো গুচি গলা

মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী বৰিলা

ধন ধন বুলি ধনৰ প্রেমেৰে স্বৰূপ প্রকাশ কৰিলা



বহুদিন গল হঠাতে সিদিনা তোমাক দেখা মনত আছে

আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বর্ণ গহণা জিলিকিছে

তোমাৰ অবিহনে চিপজৰী লম বুলি যদি তুমি ভাবিছা

ভুল কৰিছা সোণজনী মোৰ

অলীক সপোন দেখিছা



জীয়াই থাকিম !     
              
    

জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে

জীয়াই থাকি এখন সমাজ গঢ়িবৰ পণ আছে               

ত সোণতকৈয়ো মানুহৰ দাম অলপ হলেও বেছি আছে




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন )

No comments: