অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

শীতৰে সেমেকা ৰাতি





শীতৰে সেমেকা ৰাতি 

শীতৰে সেমেকা ৰাতি

সেমেকা শীতৰে ৰাতি 

শীতৰে সেমেকা ৰাতি

বস্ত্রবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ

উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ

ৰক্তিম যেন এটি উত্তাপ হওঁ 

ৰক্তিম যেন এটি উত্তাপ হওঁ

শীতৰে সেমেকা ৰাতি 

শীতৰে সেমেকা ৰাতি

সেমেকা সেমেকা ৰাতি        

শীতৰে সেমেকা ৰাতি

বস্ত্রবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ      

উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ

ৰক্তিম যেন এটি উত্তাপ হওঁ      

ৰক্তিম যেন এটি উত্তাপ হওঁ 

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি



শীতৰে সেমেকা ৰাতি

খাদ্যবিহীন কোনো দিন-মজুৰৰ          

খাদ্যবিহীন কোনো দিন-মজুৰৰ

প্রাণতে লুকাই থকা ক্ষুধা অগনিৰ           

হঠাতে ভূমুকি উঠা প্রচণ্ড যেন এটি প্রতাপ হওঁ

প্রতাপ হওঁ মই প্রতাপ হওঁ

প্রচণ্ড যেন এটি প্রতাপ হওঁ

প্রচণ্ড যেন এটি প্রতাপ হওঁ           

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি
            


শীতৰে সেমেকা ৰাতি             

শীতৰে সেমেকা ৰাতি

সংখ্যালঘু কোনো সম্প্রদায়ৰ 

সংখ্যালঘু কোনো সম্প্রদায়ৰ

ভয়ার্ত মনটিৰ নুফুটা আর্তনাদ     

নিজেই প্রকাশ কৰি

মিঠা যেন এটি নিৰাপত্তা হওঁ

নিৰাপত্তা হওঁ

নিৰাপত্তা হওঁ



শীতৰে সেমেকা ৰাতি           

কণ্ঠৰুদ্ধ কোনো সুগায়কৰ 

কণ্ঠৰুদ্ধ কোনো সুগায়কৰ

প্রভাত আনিব পৰা           

অথচ নোগোৱা এটি

অমৰ গীতৰ বাবে              

মই যেন এটি সুধাকণ্ঠ হওঁ

সুধাকণ্ঠ হওঁ

সুধাকণ্ঠ হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ

শীতৰে সেমেকা ৰাতি

সেমেকা সেমেকা ৰাতি 

শীতৰে সেমেকা ৰাতি

বস্ত্রবিহীন কোনো খেতিয়কৰ         

ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ           

উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ         

ৰক্তিম যেন এটি উত্তাপ হওঁ 

প্রচণ্ড যেন এটি প্রতাপ হওঁ

মই যেন এটি নিৰাপত্তা হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বর্মন)

No comments: