অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা





ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা

সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা 



ঘৰ আছে মায়া নাই সঙ্গীহীনৰ সঙ্গী নাই

ফুলৰ যেন সুগন্ধি নাই প্ৰদীপ আছে জেউতি নাই

কাৰনো মৰম আকোৱালি লবা সহাঁৰি নেপাবা 



শ্ৰান্ত বতৰ ক্লান্ত বায়ু সুৰো বন্দী হ

আশাৰ তৰী নিৰাশাৰ বালিত লাগি ৰ

সকলো আছে কিবা নাই জীৱন আছে ৰস নাই

প্ৰভাত আছে সূৰ্য্য নাই শূণ্যতে একো যে নাই

কি বিচাৰি কলৈ গুছি যাবা সহাঁৰি নেপাবা




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: