অনুসন্ধান আকাংক্ষাত

Wednesday, July 11, 2012

আজি জনতাৰ নবীন চেতনা (জনচেতনা)





আজি জনতাৰ নবীন চেতনা      

          পৃথিৱী বিয়পি জাগে,

সেই পোহৰত জগতৰ জনে

          নতুন জীৱন মাগে ৷

সেই চেতনাৰ সংঘাত লাগি

                    ভাগিছে শতাব্দীৰ

          দুষ্কৃতিৰ যত দুৰ্ভেদ্য প্ৰাচীৰ ৷

জন-চেতনাৰ

          স্পৰ্শত জাগে

                   ব্যথা-বেদনাৰ গান,

          জাগে দুৰ্জ্জেয় অজেয় শক্তি

                   সংস্কৃতিৰ সুমহান ৷

এই চেতনাত ফুলি উঠে আজি

          জন-জীৱনৰ আশা,

মুখৰিত আজি....

          প্ৰাণ সঞ্চাৰি ভাষা ৷

আজি চেতনাৰ জনতা মনত

          নবীন অভ্যুদয়

সেই চেতনাৰ সংঘাতে আনে

          জন-জীৱনৰ জয় ৷



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা কবিতা, তামোলবাৰী (০৭/০৮/১৯৪৯); মঙলদৈৰ চেতনা কাকতলৈ পঠোৱা কবিতা ]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: