অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

যাওঁ দেই মৰমী ঐ





যাওঁ দেই মৰমী ঐ

কানেৰে নুশুনা চকুৰে নেদেখা     

বহু দূৰ দূৰণিলৈ

যাওঁ দেই মৰমী ঐ

কানেৰে নুশুনা চকুৰে নেদেখা

বহু দূৰ দূৰণিলৈ

ৰাইফল ষ্টেণ্ড গান চিৰ লগৰী

প্ৰাণভৰি ভাল পাওঁ জন্মভূমি

ৰাইফল ষ্টেণ্ড গান চিৰ লগৰী           

প্ৰাণভৰি ভাল পাওঁ জন্মভূমি

অৰণ্য শিখৰৰ শয্যাত বহি লৈ

দেশৰ স্বপ্ন দেখোঁ চিৰজাগ্ৰত প্ৰহৰী হৈ

যাওঁ দেই মৰমী ঐ

কানেৰে নুশুনা চকুৰে নেদেখা

বহু দূৰ দূৰণিলৈ

বহু দূৰ দূৰণিলৈ

মৃত্যুৰ বিভীষিকা ভয় নকৰোঁ

চক্ৰান্তকাৰীৰ পথ ৰূদ্ধ কৰোঁ       

দেশৰ মাটিয়ে মোক চিনি পাই

শোষকৰ সমাজে উভতি নেচাই       

হেজাৰ শোষিতৰ বাবে

আনো আনন্দ বৈ

যাওঁ দেই মৰমী ঐ

কানেৰে নুশুনা চকুৰে নেদেখা

বহু দূৰ দূৰণিলৈ

বহু দূৰ দূৰণিলৈ

ঘূৰি বহাগত মই  আকৌ আহিম

এবুকু মৰম সোণ তোমালে আনিম

সবল সুঠাম কৰি বান্ধি লোৱা মন

হাঁহি কান্দোনেৰে ভৰা এয়েতো জীৱন

সাজু হোৱা অনাগত দিনবোৰলৈ

যাওঁ দেই মৰমী ঐ

কানেৰে নুশুনা চকুৰে নেদেখা

বহু দূৰ দূৰণিলৈবহু দূৰ দূৰণিলৈ

বহু দূৰ দূৰণিলৈ

বহু দূৰ দূৰণিলৈ

বহু দূৰ ........বহু দূৰ দূৰণিলৈ




(ইউনিক'ডীয় ৰূপান্তৰ  বিষ্ণু শ‍ইকীয়া)

No comments: