মা ! মই আজি নতুন এটা সপোন দেখিলোঁ ৷
পুৰণা গানক এটা পোকে গিলা দেখিলোঁ ৷
মা ! দেউতাৰ যে পুৰণা বহী আছে
তাতে মচ নোখোৱা
তিনিতা চাইটা সাতটা যে গান আছে
তাৰেই এটা গানক, মা !
এটা পোকে খাইছিল ঘোকাঘোকে
কালৌপ্ কালৌপ্
টলৌপ্ টলৌপ্... গানটি গিলি দিলে ৷
দেউতাৰ সেই পুৰণা গানটো
পোকটোৰ চেপেটা পেটলৈ গ’ল
...
ভাল কথা হ’ল
!
দেউতাৰ সেই ভাল গানটো
আজিৰ পৰা নাইকীয়া হ’ল
!
এই বুলি মই বহি আছিলোঁ মনত বেজাৰ পাই
এনেতে উঠিলোঁ চক্ খাই,
পোকটোৰ পেটে ভিতৰত
দেউতাৰ গানে বাজনা বজাই
কোৰ্ কোৰ্
কৰে,
পোকটোৰ সেই ওফন্দা পেটু ফালিবলৈ ধৰে ৷
পোকে খালে ভয়... ক’লে
তাক
“তোক হ’লে
খাই ভুল কৰিলোঁ মই
পাৰ যদি বাহিৰলৈ ওলা,
নকৰিবি পেটত সোমাই মোক জ্বলাকলা ৷”
গানে ক’লে-
“তেন্তে মোক দে বতিয়াই দে...
পেটৰ পৰা উলিয়াই বাহিৰলে’
নে ৷”
পোক উৰি ঘূৰি ঘূৰি
ভোন্ভোনাই
গানটো
বতিয়ালে...
গানটো ওলাই লৰ মাৰি গৈ
দেউতাৰ সৌ
সৰুকালৰ ফটোখনৰ ভিতৰত সোমালে ৷
মা ! মোৰ সপোনটো মিছা বুলি
ভাবিছ
নেকি বাৰু ?
মিছা নহয় মা !
সাক্ষী আছে সৌ তিনিটা গাৰু !
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
শিশু-কবিতা, ১ম বছৰ ‘প্ৰবাহ’ত প্ৰকাশিত, ১৯৫৬ চন]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment