মোক জংলী জংলী দুনিয়াই কয়,
জংঘলেই মোৰ ঘৰ,
নকল জীৱন মোৰ পৰ।।
খোলা আকাশ, খোলা প্ৰকাশ
খোলা খোলা মোৰ প্ৰাণ
জংঘলতেই শ্ৰম কৰি যাওঁ
গাই নিতে মুকুতিৰ গান,
মোৰ জংঘল পৱিত্ৰ বৰ।
জংঘলেই মোৰ ঘৰ।।
চহৰৰ উচ্চ অট্টালিকাৰ
তুমি নাগৰিক অহংকাৰী,
এই সব পকাঘৰ ঘৰটো নহয়
ই ভদ্ৰ লোকৰ বস্তী বাড়ি,
তাত হৃদয় হয় পাথৰ।
জংঘলেই মোৰ ঘৰ।।
চহৰ বন্য জন অৰণ্য
জংলী যত জানোৱাৰে
প্ৰেমৰ দিব পাৰে মন্ত্ৰ
ই তুলনাত জংঘল সুন্দৰ।
জংঘলেই মোৰ ঘৰ।।
উন্মত্ত হস্তীক ধৰি আনি
আমাৰ হস্তী বন্ধু হ'লে
ই ৰক্ষা কৰে বন্ধুৰ জীৱন
ই নহয় অবিশ্বাসী নৰ।
জংঘলেই মোৰ ঘৰ।।
(ইউনিক'ডীয় ৰূপান্তৰ → উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment