অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মই জানোঁ মই কি





মই জানোঁ মই কি |

মই জানোঁ মই কি |

সন্যাসী নহওঁ,

গৃহস্থও নহওঁ |

মই যি, মই কি ?

মই যি, মই সি |

মই কি, মই কি |

মই জানোঁ, মই কি |



বাটৰ মোহত,

মই মচগুল                    

ঘৰটো নহয় বাট !

মুক্ত নীলাত যি উৰি থাকে

লয়নে ঘৰৰ স্বাদ !?

বন্ধনহীন প্ৰেমিক মই,

ক্ষতি কি, ক্ষতি কি ??

মই জানোঁ মই কি |



হাবি কাটি বাট              

নিজে গঢ়ি লোৱা           

মই এক যাযাবৰ |            

কন্টকে ভৰা যদিও এই বাট

সেয়ে প্ৰিয়মৰ ঘৰ |           

ছাঁটোৱে আহি

সুধে মাজে মাজে             

অতীত এৰিলি ক?

অতীত এটা আছিল নেকি !

কোনে ভাবে কত কি !?

মই যি, মই কি

মই যি, মই সি;          

মই জানোঁ মই কি |



সন্যাসী নহওঁ,

গৃহস্থও নহওঁ |

মই যি, মই কি ?

মই যি, মই সি |

মই কি, মই কি |

মই জানোঁ, মই কি |



মই জানোঁ, মই কি |

মই জানোঁ, মই কি |




*কথা: ড০ নিৰ্মল প্ৰভা বৰদলৈ, সুৰ: ভূপেন উজিৰ
শ্ৰাব্য এলবাম: মোৰ গীত (মিউজিক মেকাৰ্চ, ফাঁচি বজাৰ, গুৱাহাটী)
(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: