অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মুক্তি কামী লক্ষ্জনৰ মৌন প্ৰকাশ শুনিছানে নাই





মুক্তি কামী লক্ষ্যজনৰ

মৌন প্ৰকাশ শুনিছানে নাই

জীৱন কাশত নতুন সাহসত

পৰিছে চ্যুতি

দেখিছানে নাই


....


কিমান পালা নেপালা কিমান

হিচাপ নকৰিলা

কোনো ক্ষতি না‍ই


......


আহিছে সময় গননাৰ দিন

কৰিবা প্ৰাকাশ              

কোনো ত্ৰাস না‍ই



কালৰাত্ৰীৰ বুকুতে লুকাই       

আছেই প্ৰভাত

বুজিলানে নাই

ৰুদ্ধ দ্বাৰে উন্মুক্ত বায়ু        

সদা কৰে ভয়

বুজিলানে না‍ই


.....


জীৱন সিন্ধুৰ প্ৰতি বিন্দুত

উঠিছে জোৱাৰ

ভাঙি পাৰাপাৰ

মহা্শূন্যৰ প্ৰতিটো দিশত

শুনিছানে নাই

আশাৰ হুংকাৰ
             


যিমান পাৰা হোৱা অগ্ৰগামী

নৰবা কিঞ্চিত

কোনো লাভ নাই

ধ্বংসকাৰীক পৰাস্ত কৰা

শান্তি যুঁজত

কোনো ক্ষয় নাই



কালৰাত্ৰীৰ বুকুতে লুকাই             

আছেই প্ৰভাত

বুজিলানে নাই



কালৰাত্ৰীৰ বুকুতে লুকাই

আছেই প্ৰভাত

বুজিলানে নাই

মুক্তি কামী লক্ষ্যজনৰ

মৌন প্ৰকাশ শুনিছানে নাই




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা ডেকা)

No comments: