অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মৃত্যু সাবটি সমাধিতলিত





মৃত্যু সাবটি সমাধিতলিত

অকলে আছোঁহি শুই

এতিয়া পুনৰ আহিছা কিয়

জ্বলাব কলিজাৰ জুই



মৰণপৰতো আছিলো দেখোন

তোমাৰ বাটকে চাই

তেতিয়া তুমি সময় নাপালা

তোমাৰ আহৰি না‍ই



মোৰ মৃতদেহ বগা কাপোৰেৰে

কোনোবাই ঢাকি দিলে

আনকোনোবাই গঙ্গাজলেৰে     

দেহাটি তিয়াই দিলে



নিশ্চয় তুমি তেতিয়া আছিলা       

আনৰ মৰম জুই

ম‍ই আছিলো ক্ষণ গণি গণি

আশাৰ বৃক্ষ ৰুই



চিৰশান্তিৰ কোলাত আজি        

পালোঁ মোৰ বিছৰা ঠাই

কিয় তুমি বাৰু এতিয়াও মোক

জোকাবলে এৰা নাই



জীবন পাৰৰ কাহিনী সামৰি

তুমি যোৱা কিয় নাই ?        

জীয়া মায়াৰ বান্ধ খুলি ললো

মৰণ প্ৰেয়সীক পাই



নোজোকাবা মোক মিছা হাঁহি মাৰি

ভাল পাও বুলি কৈ                      

এতিয়াতো পাৰ হবতো নোৱাৰো

অসীম মৰণ নৈ
                   



(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: