অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ একেটি সূৰত বাঁহীটি বন্ধা





মোৰ একেটি সুৰত

বাঁহীটি বন্ধা

একেটি মাথোন মাত

একেটি মাথোন মাত

ৰাতিয়ে দিনে এটি হুমুনিয়াহ

একেটি আনন্দ তাত

একেটি আনন্দ তাত


....


সুখৰ হাঁহিটি ক্ষন্তেকতে মৰে

দুখৰে ঢাক ক্ষন্তেকতে হৰে

ক্ষান্ত হৃদয় আবিধ আকুল

একেটি সুৰৰ আঘাট

ৰাতিয়ে দিনে এটি হুমুনিয়াহ

একেটি আনন্দ তাত


.,...


শব্দ কপনি সপ্তম পঞ্চম

উচ্চাৰে একমেব দ্বিতীয়ম

দুখৰ যাতনা সুখৰ বাসনা

মিহলি একেটি তাত

ৰাতিয়ে দিনে এটি হুমুনিয়াহ

একেটি আনন্দ তাত


.....


বৈচিত্ৰ বিলয় ভেদ সমন্বয়

খণ্ডত খণ্ড বাঁহীটিয়ে কয়

হাঁহোন কান্দোন প্ৰখৰ মধুৰ

এটি ধ্বনি উঠে তাত

ৰাতিয়ে দিনে এটি হুমুনিয়াহ

একেটি আনন্দ তাত

একেটি আনন্দ তাত


.....


অন্ত অনন্তৰ মাজত আসন

বাঁহীটিত বাজে আত্মবিলোপন

শুনাহে শুনাহে অমৃত সন্তান

আতমা পৰমাত্মা

একেটি সুৰত বাঁহীটি বন্ধা

একেটি মাথোন মাত

একেটি মাথোন মাত

ৰাতিয়ে দিনে এটি হুমুনিয়াহ

একেটি আনন্দ তাত

একেটি আনন্দ তাত




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: