অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কপিলী কপিলী ৰাংঢালী ছোৱালী





কপিলী কপিলী ৰাংঢালী ছোৱালী মহিমা বুজাকে টান

কপিলী কপিলী তই হৈ বাউলী বাৰিষাৰ মাৰিলি ধান

কপিলী কপিলী গাভৰু ছোৱালী চঞ্চলা নাই তোৰ মান

কপিলী কপিলী দেহাৰ ভাঁজে ভাঁজে মিঠা যৌৱনৰে গান



কপিলী কপিলী তইতো নাজান তোৰ গাত কিমান শকতি

তইতো নাজান তোতেই লুকাই আছে হেজাৰ সুৰুজৰে জ্যোতি

বিজ্ঞানী ডেকাটি সাজি কাচি ওলালে লগতে ওলালে হাজাৰ

মৃত্যুক নেওচি শ্ৰমিকো ওলালে সাৱটি তোৰ দুয়ো পাৰ



কপিলী কপিলী পাগলী ছোৱালী মানুহক কৰিবি ত্ৰাণ

উমৰংচুজনীও তোৰেই লগে লগে হ'ব চিৰ জ্যোতিষ্মান



(ইউনিকডীয় ৰূপান্তৰ-মৌচুমী ভূঞা চৌধুৰী)

No comments: