ৰং ৰং না না ৰং
কিনিবলৈ যাওঁ
ৰংবোৰ অভিমুখে আমি আগুৱাওঁ
য'তে আমি ৰং পাঁও
কোঁচত ভৰাওঁ
সেই ৰং পৃথিবীত আমি ছটিয়াওঁ ।
শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোঁৱা
গঙা চিলনীৰ পাখি
কেনে মোহনীয়া
সৰিয়হ ফুলনি চোঁৱা
আমাৰ এই যাত্রা চোঁৱা
না না ৰহণীয়া
(আমি) ৰঙৰ পৃথিৱীখনি হাততে যে পাওঁ
সেই ৰং পৃথিৱীলে' পুনু ছটিয়াওঁ ।
সজাৰ চৰাইজাক চোঁৱা
মুকলি যে হ'ল
নিশাৰ আকাশলৈ সৌৱা
পাখি মেলি গ'ল ।
সেইদৰে সৰু সৰু সীমাৰ
আমি ভনীবোৰ
মুকলি বতাহলৈ যাওঁ ব'লা
বহল মনবোৰ লৈ
পৃথিবীৰ পৰা আমি ৰংকে গোটাওঁ
সেই ৰং পৃথিৱীলে' পুনু ছটিয়াওঁ
ৰঙেৰে ৰঙৰ গীতকে
হাঁহি হাঁহি গাওঁ
সেই গীত পৃথিৱীলৈ পুনু ছটিয়াওঁ ।
(ৰচনা কাল- ১৯৮০ চন; কথাছবি- অকণ)
(ইউনিক'ডীয় ৰূপান্তৰ → খনিন্দ্র মাধৱ শইকীয়া )
No comments:
Post a Comment