অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূর্য শিখা





মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা



মই বিচাৰিছোঁ হেজাৰ ওঁঠত

তীখা তীক্ষ্ন ভাষা

শীতৰ শেষত ফাগুন অহাৰ 

যিহে আনিবই আশা

পুৱতিৰ দৰে প্রতিশ্রুতি

ধৰা সিঁচি যাব জ্যোতিৰেখা

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা 

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা 

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা 



মই বিচাৰিছোঁ অস্থিৰ খোজত

বলিষ্ঠ বিদ্যুত গতি

চেতনাবিহীন নিথৰ স্তব্ধ

যুগক দিবলে জ্যোতি

মোক ব্যক্তি লাগে যাৰ হৃদয়তে

জীৱন-তৃষ্ণাই অঁকা

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা 

এই ভয়াবহ যুগ-সন্ধিৰ

নাশিবলে বিভীষিকা 

মই বিচাৰিছোঁ হেজাৰ চকুত

দীপ্ত সূর্য শিখা




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বর্মন)

No comments: